অতীত হ'ব চানমাৰীৰ 'অসম গ্ৰন্থমেলা'।

DY365
DY365
Published: September 23,2024 05:11 PM
DY365

Story highlights

অতীত হ'ব চানমাৰীৰ 'অসম গ্ৰন্থমেলা'।

২৩ ছেপ্তেম্বৰ,২০২৪-   অতীত হ'ব চানমাৰীৰ 'অসম গ্ৰন্থমেলা'। 



এতিয়াৰে পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতিৰে জীপাল নহ'ব চানমাৰী খেলপথাৰ। কিয়নো এতিয়াৰে পৰা সলনি হ’ল অসম গ্ৰন্থমেলাৰ স্থান। প্ৰতিবছৰে চানমাৰীত অনুষ্ঠিত হৈ অহা 'অসম গ্ৰন্থমেলা' এইবাৰ অনুষ্ঠিত হ’ব খানাপাৰাত। ইতিমধ্যে এই সিদ্ধান্তত চৰকাৰী ছীল-মোহৰ পৰিল। অহা ২৮ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া 'অসম গ্ৰন্থমেলা' এইবাৰ অনুষ্ঠিত হ’ব খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। অসম প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশক গোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাখনিত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি  পৰিলক্ষিত হয়। 
অৱশ্যে অসম গ্ৰন্থমেলাৰ স্থান সলনি হোৱাৰ ইংগিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিগত বৰ্ষতেই প্ৰদান কৰিছিল । মুঠৰ ওপৰত আপুনি এতিয়াৰে পৰা অসম গ্ৰন্থমেলাৰ গ্ৰন্থৰ সুবাস লবলৈ চানমাৰীৰৰ পৰিৱৰ্তে যাব লাগিব খানাপাৰালৈ।


Related

TWITTER

FACEBOOK